Psalms 102

এজন দুখীৰ প্রার্থনা; তেওঁ যেতিয়া হতাশ হয়, তেওঁৰ দুখৰ কথা যিহোৱাক কৈছিল।

1হে যিহোৱা, মোৰ প্ৰাৰ্থনা শুনা;
মোৰ কাতৰোক্তি তোমাৰ আগত উপস্থিত হওক।
2সঙ্কটৰ কালত তোমাৰ মুখ মোৰ পৰা লুকুৱাই নাৰাখিবা;
মোলৈ কাণ পাতা; মই প্ৰাৰ্থনা কৰা কালত শীঘ্ৰে মোক উত্তৰ দিয়া।

3কিয়নো ধুঁৱাৰ নিচিনাকৈ মোৰ দিনবোৰ বিলীন হৈ গৈছে,

মোৰ অস্থিবোৰ যেন অগ্নিশালৰ জুইত জ্বলিছে।
4ৰ’দৰ তাপত লেৰেলি যোৱা ঘাঁহৰ নিচিনাকৈ মোৰ হৃদয় শুকাই গৈছে;
এনে কি মই ভোজন কৰিবলৈও পাহৰি যাওঁ।

5মই বৰকৈ কেকাঁই থকাত মোৰ অস্থিবোৰ শৰীৰৰ ছালত লাগি গৈছে।

6মই মৰুভূমিত বাস কৰা অকলশৰীয়া এটি ফেঁচাৰ নিচিনা হ’লো,
ধ্বংসস্তূপত থকা সৰু ফেঁচাটোৰ দৰে হ’লো।

7মই টোপনি যাব নোৱাৰো;

ঘৰৰ চালত থকা অকলশৰীয়া চৰাইজনীৰ সদৃশ হ’লো।
8মোৰ শত্ৰুবোৰে দিনে-ৰাতিয়ে মোক বিদ্রূপ কৰে;
মোৰ বিৰুদ্ধে খঙত উন্মত্ত লোকসকলে মোৰ নাম শাও ৰূপে ব্যৱহাৰ কৰে।

9বাস্তৱিক মই আহাৰ স্বৰূপে ভস্ম খাওঁ;

পেয় দ্রব্যৰে সৈতে মোৰ চকুলো মিহলাও;
10ইয়াৰ কাৰণ হৈছে তোমাৰ ৰোষ আৰু তোমাৰ ক্রোধ;
কিয়নো তুমি মোক ওপৰলৈ তুলি দলিয়াই পেলাই দিলা।

11মোৰ দিনবোৰ সন্ধ্যা পৰৰ ছাঁৰ নিচিনা হৈছে;

মই তৃণৰ দৰে শুকাই গৈছোঁ।
12কিন্তু, হে যিহোৱা, তুমি হ’লে তোমাৰ সিংহাসনত চিৰকাললৈকে থাকা;
তোমাৰ নামৰ যশস্যা পুৰুষে পুৰুষে স্থায়ী।

13তুমি উঠিবা, চিয়োনলৈ কৃপা কৰিবা;

এতিয়াই তাৰ প্রতি দয়া কৰাৰ সময় হৈছে,
কাৰণ নিৰূপিত সময় উপস্থিত হ’ল।
14তোমাৰ দাসসকলৰ ওচৰত তাৰ শিলবোৰ প্রিয়,
তাৰ ধুলিকণাৰ ওপৰতো তেওঁলোকৰ মমতা আছে।
15যিহোৱাৰ নামক সকলো জাতিয়ে ভয় কৰিব,
পৃথিৱীৰ সমুদায় ৰজা তোমাৰ প্রতাপত ভীত হ’ব।
16কিয়নো যিহোৱাই পুণৰ চিয়োনক নিৰ্ম্মান কৰিব;
তেওঁ নিজৰ মহিমাৰে দৰ্শন দিব।

17সেই সময়ত তেওঁ দীনহীনসকলৰ প্রার্থনাৰ উত্তৰ দিব,

তেওঁলোকৰ প্রার্থনাক তেওঁ অগ্রাহ্য নকৰিব।
18ভাৱী বংশধৰসকলৰ কাৰণে এই সকলো কথা লিখি থোৱা হ’ব,
যাতে এতিয়া জন্ম নোহোৱা সন্তানসকলেও যিহোৱাৰ প্রশংসা কৰিব পাৰে।

19কিয়নো তেওঁৰ পবিত্র উচ্চ স্থানৰ পৰা তেওঁ তললৈ দৃষ্টি কৰিলে;

যিহোৱাই স্বর্গৰ পৰা পৃথিৱীলৈ দৃষ্টিপাত কৰিলে,
20যাতে বন্দীসকলৰ কেকঁনি শুনিব পাৰে,
মৃত্যুদণ্ডৰে অভিযুক্ত সকলক মুক্ত কৰিব পাৰে।

21চিয়োনত যিহোৱাৰ নাম প্রচাৰিত হ’ব,

যিৰূচালেমত তেওঁৰ প্ৰশংসা-স্তুতি হ’ব,
22যেতিয়া যিহোৱাৰ সেৱা কৰিবৰ কাৰণে
সকলো জাতি আৰু ৰাজ্যবোৰ একেলগে একত্রিত হ’ব।


23জীৱন পথৰ মাজতেই তেওঁ মোৰ শক্তি কমাই দিলে;

মোৰ আয়ুস চুটি কৰি দিলে।
24সেয়ে মই কৈছো, “হে মোৰ ঈশ্বৰ, জীৱনৰ মাজভাগতে তুমি মোক তুলি নিনিবা;
তোমাৰ বছৰবোৰতো সর্বপুৰুষলৈকে স্থায়ী।”

25অনেক কালৰ আগতে তুমি এই বিশ্বৰ ভিত্তিমূল স্থাপন কৰিলা;

আকাশমণ্ডল তোমাৰ হাতৰ কাৰ্য্য।
26সেইবোৰ ধ্বংস হৈ যাব, কিন্তু তুমি হ’লে চিৰকাল থাকিবা;
কাপোৰৰ দৰে সেই সকলো জীৰ্ণ হৈ যাব;
তুমি সেইবোৰক বস্ত্ৰৰ নিচিনাকৈ সলনি কৰিবা;
তাতে সেইবোৰ আৰু নাথাকিব।
27কিন্তু তুমি হ’লে সদায় একে,
তোমাৰ বছৰৰ কেতিয়াও শেষ নহ’ব।

তোমাৰ দাসসকলৰ সন্তানসকল জীয়াই থাকিব;

তেওঁলোকৰ বংশধৰসকল তোমাৰ উপস্থিতিত থিৰে থাকিব।
28

Copyright information for AsmULB